৮.৬৬ কি.মি. প্ৰতি ছেকেণ্ড বেগত পৃথিৱীৰ দিশে আহি আছে বৃহৎ অঘটন

[ad_1]

২০২০ চনটো পৃথিৱীৰ বাবে বহু প্ৰত্যাহৱান মূলক হৈ আছে। কৰ’ণাৰ বাবে সমগ্ৰ বিশ্ববাসীয়েই সন্মুখিন হৈছে বহু বিপদৰ। প্ৰাণ হেৰুৱাইছে বহু লোকে। বৰ্তামানেও এই কৰ’ণা সংহাৰৰ অন্ত পৰা নাই বিশ্বৰ পৰা। তাম মাজতেই আন এক বিপদে দেখা দিছে পৃথিৱীবাসীক।

তীব্ৰ গতিত পৃথিৱীৰ ফালে আহি আচে এক মহা বিপদ। ৮.৬৬ কিমি প্ৰতি ছেকেণ্ডত পৃথিৱীৰ দিশে আহি আছে এক বৃহৎ মহাকাশৰ অঘটন।

আমেৰিকাৰ মহাকাশ গৱেষণা সন্থা নাছাই জনোৱা অনুসৰি ছেপ্টেম্বৰৰ ১৪ তাৰিখে পৃথিৱীৰ ওচৰেৰে এক এষ্টোৰাইড পাৰ হৈ গৈছিল। কিন্তু সেইবাৰ কোনো ক্ষয় ক্ষতি নহলেও এইবাৰ কিছু শংকাই দেখা দিছে। ১৭ ছেপ্টেম্বৰতো পৃথিৱীৰ নিচেই ওচৰেৰে আন এক এষ্টোৰাইড পাৰ হৈ যোৱাৰ অনুমান কৰা হৈছে।

এইবাৰৰ এষ্টোৰাইডটো ইমনেই তীব্ৰ বেগত পাৰ হৈ যাব যে ই সহজে দৃষ্ঠিত পৰাতো অলপ টান। লগেত এইবাৰৰ এষ্টোৰাইডটো আকাৰত বিশাল। যাৰ নাম এষ্টোৰাইড ২০১৪। ১১০ ডাইমিটাৰৰ এই এষ্টোৰাইডটোৰ আকাৰ লণ্ডন ব্ৰীজৰ সমান।

অৱশ্য নাছাই এই ক্ষেত্ৰত কোনো বিশেষ চিন্তাৰ কাৰণ নাই বুলি কৈছে। গতিবেগ অতি তীব্ৰ লগতে আকাৰত ডাঙৰ হ’লেও ই পৃথিৱীক খুন্দা নামাৰে। ১৭ ছেপ্টেম্বৰৰ নিশা ১১.৫০ বজাত ই পৃথিৱীৰ নিচেই কাষেৰে পাৰ হৈ গুচি যাব।

Photo Credit: LADbible

[ad_2]

Source link